Monday 11 July 2011

মই আৰু মোৰ পৃথিৱী

মই আৰু মোৰ সৰু পৃথিৱী ...... ......আমি দুয়ো দুয়োতে মগন ।

         মই ভালপাও মোৰ ধাননি পথাৰ, মোৰ সেউজী বননি, মৌ সনা না না চৰাইৰ কলৰৱ, ৰাতিৰ পৃথিৱীৰ ফৰিং, কুমতিৰ ছিঁ ছিঁ শব্দ,পপীয়া তৰা সৰা মোৰ চোতালৰ দুৱৰি, শেষৰাতি ফুলা শেৱালি, খৰিকাজাঁইৰ গন্ধ। আৰু ভালপাও মোৰ আইৰ হাতৰ ৰন্ধা দুমুঠি। প্রকৃতিৰ মাজত চিৰদিন মোৰ অগাধ বিচৰণ। প্রকৃতিৰ বুকুৰ অমৃত দুগ্ধপান কৰি মই যৌৱন প্ৰাপ্ত  ।
         মই নিসংগতাৰ প্রেমিক। বিৰহ মোৰ কবিতাৰ ভাষা। মোৰ দিনযাপন সমূলি বিষন্ন। পাৰাপাৰহীন নীলিম উৰ্মিমালাত ডুবি থাকে মোৰ ভাৱনাৰ মাধুৰী। প্রেমিক চৰাই হ'বলৈ মোৰ যে দুপাখি গুৰিতে চিঙা। উৰিব নোৱাৰো মই ।
         সৰলতা মোৰ জন্মগত জীৱন যাপন । চিধা বাটৰ পথিক মই । সত্য মোৰ হৃদয়ৰ পূজা ।
কৰ্মই মোৰ ধৰ্ম,ভগৱান । বেলেগকৈ পূজা পাতলত মই অবিশ্বাসী ।
     "বন্ধুত্ব মোৰ বাবে সকলোতকৈ মূল্যবান সমন্ধ ।"
                         ...................এইয়াই মোৰ বিষয়ে সকলো ।

  বিষন্নতা ভৰা মোৰ দুটিমান হৃদয়ৰ স্তৱক :-
             
"পৰিসমাপ্তি" 

আৰ্তনাদৰ বিশৃঙ্ষলতাত,
জীৱন নাটৰ সমাপ্তি,
বাস্তৱতাই দি যোৱা এমুঠি সময়,
ধুষৰিত কিছু ছায়াকল্প,
অভিমান,ভালপোৱা,মৰম আৰু সপোনৰ মাদকতা।

এইয়া চোৱা.......কিদৰে তোমাৰ অপাৰ্থিৱতাত,
মোৰ জীৱন নাটৰ যৱনিকাৰ দৃশ্যৰাজি,
অভিমান আৰু ভালপোৱাৰ আহুতি,
চিৰ যুগমীয়া হৃদয়ৰ অভিধান,
নিৰ্বিকাৰ সময়ে ধুৱা জীৱনৰ বিস্তৃন্নতা,
অভিনয়ত সেই একেই সংলাপ।

কল্পনা প্রসূত পোহৰ-ছায়াত,
অভিনয়ৰ দৃশ্য,
শুভ্ৰ দলিচাত তেজৰ দাগ,
মৃত্যু সপোনৰ............ধৰাশায়ী স্মৃতি,
হত্যাকাৰী সময়ৰ ধূষৰিত কৰুন হাঁহি,
কঁপা কঁপা কণ্ঠ স্মৃতিৰ,
বাখ্যা জীৱনৰ অস্তযোৱা বেলিৰ,
হৃদয়ৰ চিৰসেউজীয়া ৰংৰ পাৰ্থীৱ পৃথিবীৰ।

পট পৰা জীৱন নাটত দুচকুৰ অশ্রু অঞ্জলী,
বুকুৰ হুমুনিয়াহ,ভাষাৰ অপভ্রংশ,
হৃদয়ৰ বেদনা,সময়ৰ তাচ্ছল্যতা,
আৰু অনুৰাগিনী ?
বাস্তৱতাৰ নাটত স্পন্দন ৰুদ্ধ হৈ,
বিলীন হ'ল দূৰৰ সেই নীলিম দিগন্তত,
'ত আছে মোৰ জীৱন নাটৰ পৰিসমাপ্তি ।
-----------------------------------------------------
"নিসংগতাত কিছু উপলব্ধি"

অমানিশাত তমসাৰ কোলাহল
আৰু মোৰ স্মৃতিৰ অভিধান
উপলব্ধি মাথো এটাই
...
বুকু ভঙা বিষাদ

অবুজ কোলাহল মনৰ
সন্ধ্যাৰ মাদকতা
নিস্তব্ধ নিশাৰ গহীন খোজ
আৰম্ভণি এক দীঘল কাল ৰাত্রিৰ

হুমূনিয়াহ আৰু মই
ক্রমবৰ্দ্ধমান চিনাকি ৰাতিত
বাৰ্তালাপ !
ভাষাহীন মৌনতাৰ অবিৰাম নিশ্বাস
হেৰুৱা দিনৰ সুবাস উৎফুল্লিত মকৰাৰ মায়াজাল
চিকাৰ মাথো মই।

টিপন্নীহীন যান্ত্রনাত হাহাকাৰী হৃদয়
চিৰ প্রৱাহিত বেদনাৰ অশ্রু
ধাৱমান নিসংগ ৰাতিৰ
অনুপলৰ সুক্ষ্মতম কণিকাৰ সংজ্ঞা বিচাৰি
সংগতি যেন বিকৃত মগজুৰ মানৱ।

উদাসীন বতাহৰ পগলা বা
ছায়া আসন্ন গছৰ মাজত জোনাক আৱদ্ধ
ঘ্রাণ মাথো বিলুপ্তিৰ
বিজুলিৰ উত্তাল আৱেদনময় উষ্ণ চুম্বন ডাৱৰক
যেন গাম্ভীৰ্য সৃষ্টিৰ

মৰ আঁউসীৰ ৰাতিত
নিসংগতাক বুকুত বান্ধি
পোৱা আৰু হেৰুৱাৰ পুৰণা হিচাবত
নিজক জুখি চালো
ত হেৰুৱাৰ ভৰ বেছি হৈছে প্রতিপল
প্রতিপল মই হৈ পৰিছো ভাৰহীন
আৰু হেৰুৱাৰ ভৰ সহিবলৈ সাহস নাই
এতিয়া মোৰ কাম্য মৃত্যু
মৃত্যুতে হয়তু নিসংগতাৰ যৱনীকা পৰিব।
-----------------------------------------------------
"মৰিশালিৰ নিস্তব্ধতা........" 

তোমাৰ স্মৃতিৰ চিতা
মই আজিও জ্বলাই দিয়া নাই
কাৰণ মোৰ সাহস নাই
মই ভাল নাপাঁও সেই মৰিশালিৰ নিস্তব্ধতা
বৰ অৱকাশৰ নিদ্ৰা ইয়াত
প্রাণমুক্তিৰ বিচনাত চিৰ নিদ্ৰাত মোহিত সকলো

মোৰ সেউজবিহীন হৃদয়ৰ একোণত
অস্ত যোৱা বেলিৰ সকলো ৰংৰ অস্তিভষ্ম
বিচাৰিব মন নাযায় তোমাৰ নজ্বলোৱা স্মৃতিৰ চিতাৰ কাষৰ নিস্তব্ধতাত
কাৰণ এই স্মৃতিৰ চিতাৰ মৰিশালিত সকলো ৰং নীলা ফাকুৰ
নীলাক মই ঘৃণ কৰো।

তোমাৰ বুকুৰ উমালতাত মোৰ নিশ্বাসৰ অনাধিকাৰ পৰশ
সেই সময়ত যি নিস্তব্ধতা থাকে আমাৰ মাজত
ঠিক সেই একেই নিস্তব্ধতা বিৰাজমান এই মৰিশালিত
মই নিস্তব্ধতা পঢ়িব জানিছিলো,
কিন্তু মৰিশালিৰ নিস্তব্ধতাৰ যেন কোনো ভাষা নাই
বৰ ব্যক্তিক্রমী এই নিস্তব্ধতা
যেন জয়াল হাবিত প্রেতাত্মাৰ উদ্মাদ নৃত্যৰ ধ্বনী
তমখানিবিৰ এই মৰিশালিৰ নিস্তব্ধতাই
মোক পলৰীয়া কিৰছে ক্রমাত
আৰু ক্রমাত মই অস্ত যাব ধৰিছো মৰিশালিৰ নিস্তব্ধতাত।
-----------------------------------------------------
"বাস্তৱতা -"অপমৃত্যু"  

বিশ্লেষণ উৰুঙা মনৰ
ভাষা বিস্মৃত কিছু শব্দ
অনুৰাগিণীৰ আৰ্তনাদ
কিছু বিশৃংখলতা ।

কৃষ্ণচূড়াৰ ৰং বুটলিবলৈ আগবঢ়োৱা ভৰিৰ খোঁজত কাঁইটৰ বিন্ধ
ৰক্তা-ৰক্ত হোৱা দুভৰিৰ থৰ আৰু টিপাঁ
চেষ্টা আৰু এখোজ আগুৱাই যোৱাৰ ।

বন্ধ কোঠাৰ ভয়াৰ্ত গ্লানি
জীৱনৰ ছবি ধুৰ্মপানৰ ধোঁৱাৰ কুণ্ডলীত
নিঃসংগতা এই ছবিৰ সংগী ।

অমানিশাত ফেচাঁৰ কুৰুলী
ছায়াসিক্ত তমসাৰ কৰুণ তাচিল্য
হৃদয়েদি বৈ যোৱা সময়ৰ কাল ধুমূহা
শব্দ এটাই-"ৰক্ত পিপাসু মৃত্যু"।

অশ্রুবিহিন দুচকুৰ কাষত মলিনতাৰ উপসৰ্গ
অৰ্থ:-বহু চিন্তা আৰু বহু ৰাতিৰ প্রেম উদিগ্নতা ।

কল্পনা বিলাসী আকাশৰ তলত
উদিগ্নতাৰ বৰ্জপাত
কঠোৰতম বাস্তৱ-"শেষ হাঁহিৰ শব্দ ধ্বনি" ।

অস্থিৰতা; পিয়লাৰ সুৰাই সৃষ্টি কৰা ৰঙীন জিল-মিল
মৰম আৰু অভিমান একো একোটা আলয় ।

প্রাচিনতম জীৱনৰ দেৱাল প্রত্রিকা
উৱলি যোৱা ৰং,কাগজ আৰু হেৰুৱা দিনৰ সুবাস
অস্তিত্ব-"জীৱনৰ শেষ সম্বল" ।

ক্রমশত এজন মানুহৰ
ব্যৰ্থতা ভৰা আবাহ সংগীত
সংগীতৰ বাস্তৱিকতা-"অপমৃত্যু" ।
-----------------------------------------------------

তোৰ সুবাস কঢ়িয়াই 

তোৰ সুবাস কঢ়িয়াই,
সময়ৰ বাস্তৱিকতাত
তোৰ ৰিক্ততাৰে জীৱন কটাইছো
তই উপলব্ধি কৰিছ নে?

চিৰ প্রৱাহিত সময়ৰ এই বিশৃংখল পৃথিৱীত
তই আগৰ দৰেই আছ নে?
আজি ও তই সেই একে দৰেই হাঁহনে তোৰ বেৰিয়া দাঁতটো উলিয়াই?
কৰনে বতাহৰ লগত অন্তৰঙ্গ আলাপ ?
দিয়নে মৰম তোৰ ফুলনিৰ ফুলবোৰক?
তই আগৰ দৰেই আছ নে?

তই হেৰাই যোৱাৰ দুখত তোৰ সুবাস কঢ়িয়াই
মই লিখি আছো সময় আৰু কবিতাৰে সংমিশ্রিত মোৰ জীৱন সোঁৱৰণি
তোক এবাৰ শুনাব ইচ্ছা আছিল……..!
শুনিবি মই পাঠ কৰিম সময়-কবিতাৰে লিখা
জীৱন সোঁৱৰণিৰ ছাবিছ টা স্তৱক ?

জ্বাজল্যমান আকাশৰ নক্ষত্রত থকা
তোৰ দুচকুৰ চঞ্চলতা আৰু ভালপোৱাৰ বিস্তীৰ্ণতা
অহৰ্নিশে মই কঢ়িয়াই আছো হৃদয়ৰ ৰিক্ততাত ।

সাধাৰণ দৃশ্যাংশত পতিয়ন যোৱা আবেগৰ ধপ-ধপনি
তোক বিচাৰি হাহাকাৰ কৰা হৃদয়ত
চিৰ বিকশিত তোৰ মৰমৰ সুবাস
বৰ সুন্দৰকৈ ঠন ধৰি উঠিছে অ মোৰ নিঃসংগ ৰাতিত

মোৰ মনৰ ডাৱৰীয়া বিষাদ বিলাক
তোৰ অভিমানত প্রায়ে উচ্-পিচাই উঠে
বিচাৰি ফুৰে তোৰেই সুবাস
তই জানো সাৰে আছ ?

তোৰ ভালপোৱাত মোৰ সৰ্বহৰ আহুতি
তোৰ ভালপোৱাৰ নামত
বোঁৱতি নদীৰ একাঁজলি পানীত
বিসৰ্জন দিছো মোৰ সৰ্বহৰ অস্তি-ভষ্ম ।

সুবাস উৎফুল্লিত তোৰ স্মৃতিৰ ঢৌত
উঠি ভাঁহি ফুৰা মোৰ জীৱন নৌকা
সময়ৰ ছাকনৈয়াত পৰি
পৰিণত হৈছে এটা ধ্বংসস্তুপত
আৰু মই আহি উপস্থিত হৈছোহি
কাল ধুমূহাৰে ভৰা এটা নিৰ্জন দ্বিপত
ত মাথো মই আৰু পাৰাপাৰহীন নীলিম ৰাশি
লগত আছে তোৰ স্মৃতিৰ সুবাস

তই জানো এবাৰলৈ ও উপলব্ধি কৰিছ
তোৰ সুবাস বুকুত বান্ধি
মই কি দৰে জীয়াই আছো এই নিৰ্জন দ্বিপত ?
-----------------------------------------------------
"অলপ ৰঙীনতা আৰু মৌনতা"

তুমি দি যোৱা ৰঙীনতাৰ বিষময় সেই পিয়লাটোৰ পৰা
আজি আকৌ এঢোক স্মৃতিৰ ৰঙীনতা পান কৰিলো
সেয়ে হয়তু আজি মই মৌন ।
মৌনতা মোৰ ব্রত নহয়,ই মাথো বেদনাৰ কোলাহল
মোৰ বুকুৰ মাজৰ ।

ভাল লাগে আজিকালি নিসংগতাৰ মায়াজালত ওলমি
অনায়াসে পান কৰিব পাৰো তোমাৰ ৰঙীন স্মৃতি মিশ্রিত বিষ মদিৰা
অথচ এদিন মই নিসংগতৰ লগত সহঅৱস্থান কৰিবলে আছিলো ক্ৰোধান্বিত।

মোৰ লগত এক হৈ এদিন  
তুমিয়ে সেউজৰ নৱপল্লৱ সানিছিলা মোৰ হৃদয়ৰ গভীৰতাত
কিমান সপোন,কিমান ভালপোৱাৰ প্রতিশ্রুতি 
বিনিময় কৰিলা মোৰ সতে
অথচ এদিন তুমিয়ে আঁতৰি গ'লা
মোৰ জীৱন তটিনীৰ লহৰৰ তৰঙ্গেৰে উজাই উজাই
বিশ্বাসঘাতকৰ সংঞ্জাৰ লগত নিজক মিলাই
ভুল মোৰ ক'ত আছিল ?                   
নিজতকৈ তোমাক বেছি ভালপোৱাটো ! 
নে প্রতিপল তোমাৰ খবৰ লোৱাটো ! 
নে নিজক হেৰুৱাই তোমাক উমাল কৰিবলে চেষ্টা কৰাটো !
এবাৰো নাভাবিলা তুমিহীনতাত মোৰ সময়বিলাক স্থিৰ হৈ ৰৱ বুলি
বৰ সহজভাৱে সামৰণিৰ লহৰ তুলি আঁতৰি গ'লা তুমি
দি গ'লা মাথো স্মৃতিৰ ৰঙীনতাৰে ভৰা 

তোমাৰ মিছা অভিমানৰ বিষময় পাত্র
যিখিনি ৰঙীনতাই তোমাৰ শিৰত 

মই পিন্ধাই দিয়া সেই সেন্দুৰৰ ৰঙা ৰংটোৰ দৰে
মোৰ বুকুত খোচা-বিন্ধা কৰি আছে আজি প্রতিপল ।

মই আজি নিৰ্বাক,ভাবুক আৰু মৌন
মই জানো মোৰ এই মৌনতাই তোমাক নি:শেষ কৰিছে 

মোৰ মাজত ক্ষণে ক্ষণে প্রতিপলে
লগত নি:শেষ হৈছো মই আৰু মোৰ পাৰাপাৰ হীন সেউজীয়া ।
তুমি দি যোৱা স্মৃতিৰ বিষময় ৰঙীনতাৰ পিয়লা আৰু মৌনতা
দুয়ো এতিয়া মোৰ চিৰদিনৰ লগৰী,মোৰ ভয়ানক নিছা ।

জ্বালাই গৈছো তোমাৰ স্মৃতিৰ শিখা,তোমাৰ বিষময় স্মৃতি পান কৰি
আৰু নতুনকৈ আঁকিছো তোমাৰ ধূষৰিত ছবি মোৰ শব্দৰ মণিকোঠাত।
সময় পালে এবাৰ চুই চাবা মোৰ মৌনতা খিনি, 

'ত হাজাৰ প্রশ্নৰ প্রচণ্ড খলকনি ।

------------------------------------------------------------
তোমাৰ নষ্ট চৰিত্রৰ কবিতা” 

আজি মই মদ্যপান কৰি কবিতা লিখিম
তোমাৰ নষ্ট চৰিত্রৰ কবিতা
ভদ্রতাৰ মুখাৰ আঁৰৰ অভদ্রতাৰ কবিতা
তোমাৰ সৈতে দিনযাপন কৰাৰ কবিতা
মিছাৰ আশ্রয়ত নিজক লুকুৱাই যোৱাৰ কবিতা
তোমাৰ নিৰ্লজ্জ যৌন ক্ষুধাৰ কবিতা
শিৰত সেন্দুৰ পিন্ধি অবিবাহিতৰ ভাও দিয়াৰ কবিতা
ঘৃণনীয় তোমাৰ বিকৃত লিপ্সাৰ কবিতা

তোমাৰ অনুভৱ সম্প্রতি মোৰ হৃদয়ত শূণ্য
মৰমবোৰক মৈদাম দিছো ঘৃণাৰ বাগিছাত
তোমাৰ স্মৃতিক বিসৰ্জন দিছো চকুলোৰ বৰষুণত
তুমি বৰ্তমানত মোৰ বহু ঘৃণাৰ পাত্রী
হাজাৰ বিচাৰি চলাথ কৰিলেও
তিলমানো মৰম সহানুভূতি বিচাৰি নোপোৱা
মোৰ ৰঙা তেজাল কলিজাত তোমাৰ বাবে ।

মনৰ খুদুৱনিত সুৰাৰ ৰঙীনতাৰ জিলমিল নিছাত
লিখি পেলালো তোমাৰ নষ্ট চৰিত্রৰ কবিতা
মই ও যিহেতু নিছাত ডুবি থকা এটা নষ্ট যোৱা লৰা
হাঃ হাঃ হাঃ এই মদিৰাৰ নিছাৰ সোৱাদৰ মাদকতা ও তুমি এ দি যোৱা
লিখি পেলালো তোমাৰ ঘৃণনীয় দিনযাপন মোৰ কবিতাত
তুমি হয়তু পঢ়িবা অথবা দুচকু জপাই কুলি হবা ।


-----------------------------------------------------------------------------

"শূণ্যতা" 

জনশূণ্য পথটোৰ মাজত ৰৈ
আকৌ এবাৰ উভতি চালো মই,
যিমান দূৰলৈকে চকু গৈছে
সিমান দূৰলৈকে মাথো শূণ্যতা ।
অনুভৱ কৰিলো সচাঁই মই অকলশৰীয়া ।

-----------------------------------------------------------------------------------

"বিপন্ন অস্তিত্ব"

শব্দৰ মৃত্যুত হতবাক মই
লিখিব পৰা নাই বাস্তৱিকতাৰ কবিতা
ভাৱনাৰ নদীত মোৰ সপোন ডিঙা
নিৰ্মমতাৰ বন্যাৰ চাকনৈয়াত পৰি ভগ্নপ্রায় সম্প্রতি
জনসমুদ্রত থাকিও নিৰণ্ঠুক হোৱাৰ অনুতাপ
নগ্ন হৃদয়ত ঘৃণাৰ কালধুমুহাৰ আওখাট
সেউজীয়াৰ অকুলনত মোৰ দিনযাপন শুষ্ক
কঁহ লগা কাপ আৰু ৰিক্ত মৈলাম
কিদৰে নো আঁকো ছবি জীৱনৰ
মায়াময় সময়ৰ বিষাক্ত মকৰাৰ মায়াজাল
চিকাৰ মাথো মই
তমিস্ৰা বিষাদে বাহ লৈছে জীৱনৰ অংশুমানত
উপলব্ধি কৰিছো ক্রমাত মোৰ অস্তিত্ব বিপন্ন ।
---------------------------------------------------------------------------
"নষ্টালজিয়া,নিসংগতা,তাচিল্য,তুমি,মই ইত্যাদি"

তোমাৰ নষ্টালজিয়াই থকা সৰকা কৰে নিসংগতাত
জ্বলিব নিবিচাৰো মই,তুমি চিতা সাজি খৰি দিয়া মোক ।
নিসংগতাৰ তোষামোদৰ নিকুঞ্জত এৰি গৈছিলা মোৰ কলিজাক 
এবাৰো নাভাবিলা আন্ধিয়াৰি সময়ে তিল তিলকৈ হত্যা কৰিব মোক ।
তোমাৰ প্রেমৰ নিৰঙ্কুশ মালিতা
বাস্তৱিকতাৰ বাঢ়নীয়াত হ্রাসমান মোৰ হৃদয়ৰ পৰা
হাস্যৰস পান কৰি মই এতিয়া মাতাল
জীৱনৰ ছন্দ এতিয়া ৰসিকতাৰ মায়াজালত
অনুভৱৰ মৃত্যুত পাহৰিলো হাঁহিব
জীৱনক লৈ খেলাৰ ধৃষ্টতা ক'?
অভিমানী ধুমুহাজাক এতিয়া শান্ত
ডাল-পাত সৰি মোৰ হৃদয় বৃক্ষ এতিয়া নগ্ন ।
নিৰ্মম যান্ত্রনাই চেপি নিৰস কৰা হৃদয় বৃক্ষ
উঘালি পৰা দিন ধৰি উই পৰুৱাৰ কামোৰ যেন অতিতৰ তাচিল্য
কিদৰে নো বাট চাঁও বসন্তৰ ?
কিদৰে নো সানো সেউজীয়াৰ ৰহণ ?
কিদৰে নো তিতো আনন্দৰ বৰষুণত?
তোমাক ভিক্ষা মাগিলো এধানি মৰম
তুমি দান দিলা যন্ত্রণাৰ সাগৰ ।
অভিমানৰ চিতা সাজি নিজকে দাহ কৰিছা
লগত জাপি দিছা মোৰ মৰম আৰু বিশ্বাস
অস্থিভষ্ম বিসৰ্জন দিলা বিশ্বাসঘাতৰ ঘাটত
বিনাদ্বিধাই পাতি পেলালা আমাৰ ভালপোৱাৰ দহা - শ্রাদ্ধ ।
সুৰাৰ লাস্যময়তাত সময় ৰঙীন
নিছা শেষ মন মোৰ পুনৰ মলিন.....।
---------------------------------------------------------------------------
"সেউজীয়াৰ ন-পল্লৱ"

নিসংগতাৰ অঙঠাত সোঁৱৰণীৰ বা লাগি
জ্বলি উঠিছে বিষাদৰ লেলিহান জুই
জ্বলি ছাঁই হৈছে অনুৰাগিণীৰ স্মৃতিৰ চিতা
...
ন কৈ সৰা আবেগৰ বৰষুণত
আকৌ সেউজীয়াই পোখা মেলিছে মোৰ হৃদয়ত
নতুনত্বৰ সাজত এতিয়া মই গাঢ় সেউজীয়া ।
---------------------------------------------------------------------------
"অস্তিত্বহীন"

প্রেম মোৰ বাবে নৰক যান্ত্রনা,
সেয়ে মই আজি অস্তিত্বহীন ।
কঠোৰ হ'বলৈ শিকা দিন ধৰি
তোমাক বিচাৰি হাহাকাৰ কৰা নাই মই ।
---------------------------------------------------------------------------
"স্মৃতি"

তোমাৰ দৰে মোৰ হৃদয়ত খোচা-বিন্ধা কৰি আছে
আমাৰ অতীত হ'ব ধৰা ভালপোৱাৰ স্মৃতিয়ে,
তুমি হেৰুৱাৰ হিচাব বুকুত বান্ধি জী ব শিকিছা
মই নিজে হেৰাই হেৰাই জী ব শিকিছো ।
---------------------------------------------------------------------------
"নিশা"

উজাগৰী নিশা
তমসাৰ ভাষা
মই ব্যাকুল তোমাক বিচাৰি
তুমি শুই আছা আনৰ মৰম বুটলি ।
 ---------------------------------------------------------------------------
"বিষাদ"

প্রেম মোৰ বাবে নৰক যান্ত্রনা
তুমি দি যোৱা বিষযয় মদিৰা
আজি মই ইয়াত তুমি হেৰাই থাকিলা কৰবাত
 ---------------------------------------------------------------------------
"স্মৃতি"

তোমাৰ দৰে মোৰ হৃদয়তো খোঁচা-বিন্ধা কৰি আছে
আমাৰ অতীত হ'ব ধৰা ভালপোৱাৰ স্মৃতিয়ে
তুমি হেৰুৱা হিচাব বুকুত বান্ধি জীয়াব শিকিছা
মই নিজে হেৰাই হেৰাই জীয়াব শিকিছো ।
---------------------------------------------------------------------------
"অশ্রু"

তোৰ অভিমনত কলিজাৰ কেচাঁ তেজবোৰ কৰাল বান্ধে
চেপাঁ নিসংগতাত দুচকুৰে বৈ বৈ সৰি পৰে টোপ টোপ অশ্রু
---------------------------------------------------------------------------
"অস্তিত্বহীন"

প্রেম মোৰ বাবে নৰক যান্ত্রনা,
সেয়ে মই আজি অস্তিত্বহীন ।
কঠোৰ হ'বলৈ শিকা দিন ধৰি
তোমাক বিচাৰি হাহাকাৰ কৰা নাই মই ।
---------------------------------------------------------------------------

অনুতাপৰ দহনেই আজি তেওঁৰ প্রাপ্তি
মাজত বোঁৱতি নৈ,
এপাৰত মই আনপাৰত তেওঁৰ স্মৃতি ।
 ---------------------------------------------------------------------------
"সেউজীয়াৰ ন-পল্লৱ"

নিসংগতাৰ অঙঠাত সোঁৱৰণীৰ বা লাগি
জ্বলি উঠিছে বিষাদৰ লেলিহান জুই
জ্বলি ছাঁই হৈছে অনুৰাগিণীৰ স্মৃতিৰ চিতা
ন কৈ সৰা আবেগৰ বৰষুণত
আকৌ সেউজীয়াই পোখা মেলিছে মোৰ হৃদয়ত
নতুনত্বৰ সাজত এতিয়া মই গাঢ় সেউজীয়া ।
---------------------------------------------------------------------------

অপৰাজিতা ফুল আকৌ ফুলিল
মোৰ অপৰাজিতা তুমি আজি আনৰ পত্নী
---------------------------------------------------------------------------
"শূণ্যতা"

জনশূণ্য পথটোৰ মাজত ৰৈ
আকৌ এবাৰ উভতি চালো মই,
যিমান দূৰলৈকে চকু গৈছে
...সিমান দূৰলৈকে মাথো শূণ্যতা ।
অনুভৱ কৰিলো সচাঁই মই অকলশৰীয়া ।
 ---------------------------------------------------------------------------

তোমাৰ চহৰীয়া অভিমানৰ বন্যাত
জাল বাই মই ধৰো অনুতাপৰ শাল-শিঙি
---------------------------------------------------------------------------

সুৰাৰ লাস্যময়তাত মন মাতাল
নিছা শেষ মই ও সজাগ .....।
 ---------------------------------------------------------------------------

অভিমানৰ চিতা সাজি নিজকে দাহ কৰিছা
লগত জাপি দিছা মোৰ মৰম আৰু বিশ্বাস
অস্থিভষ্ম বিসৰ্জন দিলা বিশ্বাসঘাতৰ ঘাটত
বিনাদ্বিধাই পাতি পেলালা আমাৰ ভালপোৱাৰ দহা - শ্রাদ্ধ ।
---------------------------------------------------------------------------

তোমাক ভিক্ষা মাগিলো এধানি মৰম
তুমি দান দিলা যন্ত্রণাৰ সাগৰ ।
---------------------------------------------------------------------------

অভিমানী ধুমুহাজাক এতিয়া শান্ত
ডাল-পাত সৰি মোৰ হৃদয় বৃক্ষ এতিয়া নগ্ন ।
 ---------------------------------------------------------------------------

নিৰ্মম যান্ত্রনাই চেপি নিৰস কৰা হৃদয় বৃক্ষ
উঘালি পৰা দিন ধৰি উই পৰুৱাৰ কামোৰ যেন অতিতৰ তাচিল্য
কিদৰে নো বাট চাঁও বসন্তৰ ?
কিদৰে নো সানো সেউজীয়াৰ ৰহণ ?
কিদৰে নো তিতো আনন্দৰ বৰষুণত?
 ---------------------------------------------------------------------------

তোমাৰ নষ্টালজিয়াই থকা সৰকা কৰে নিসংগতাত
জ্বলিব নিবিচাৰো মই,তুমি চিতা সাজি খৰি দিয়া মোক ।
 ---------------------------------------------------------------------------

নিসংগতাৰ তোষামোদৰ নিকুঞ্জত এৰি গৈছিলা মোৰ কলিজাক
এবাৰো নাভাবিলা আন্ধিয়াৰি সময়ে তিল তিলকৈ হত্যা কৰিব মোক ।
 ---------------------------------------------------------------------------

তোমাৰ প্রেমৰ নিৰঙ্কুশ মালিতা
বাস্তৱিকতাৰ বাঢ়নীয়াত হ্রাসমান মোৰ হৃদয়ৰ পৰা ।
---------------------------------------------------------------------------

হাস্যৰস পান কৰি মই এতিয়া মাতাল
জীৱনৰ ছন্দ এতিয়া ৰসিকতাৰ মায়াজালত
 ---------------------------------------------------------------------------

অনুভৱৰ মৃত্যুত পাহৰিলো হাঁহিব
জীৱনক লৈ খেলাৰ ধৃষ্টতা ক'?
 ---------------------------------------------------------------------------

"ভাষাৰ মৃত্যুত হতবাক মই
লিখিব পৰা নাই বাস্তৱিকতাৰ কবিতা
তমসাই বাহ লৈছে জীৱনৰ অংশুমানত
উপলব্ধি কৰিছো মোৰ অস্তিত্ব বিপন্ন"
---------------------------------------------------------------------------

তোমাৰ চহৰীয়া উচ্চাকাংক্ষাত
প্রতিপল ধৰ্ষিত মোৰ আকুল ভালপোৱা
মোৰ বিশ্বাসক তুমি হত্যা কৰা দিন ধৰি
মই জীয়াই থাকিও মৃত
---------------------------------------------------------------------------

নিসংগতাৰ মায়াজালত ওলমি আছে সময়
মদিৰাৰ পিয়লা ৰিক্ততাৰে পৰিপূৰ্ণ
মোৰ মৃত্যু হোৱাৰ দিন ধৰি
পৰি আছে মোৰ সপোনৰ কোলাহল
সোঁৱৰণিৰ অতল গহ্বৰত ।
---------------------------------------------------------------------------

মোক নুসুধিবা কোন মই
মই য'ত থাকো সেইয়া নৰক
আপাত আহংকাৰ মোৰ গৌৰৱ
পান কৰো প্রতিপল ধুমুহাৰ তাণ্ডৱ
নষ্টালজিক কবি মই
নষ্টাল মোৰ কবিতাৰ তুলিকা
---------------------------------------------------------------------------

মোৰ মনৰ মাজত আকৌ প্রেমৰ বুৰবুৰণি তুলিবলৈ
কিয় বাৰে বাৰে মোক চুই যোৱা তুমি বৰষুণ

---------------------------------------------------------------------------

(দৃশ্য এক)শেষনিশা
স্তব্ধ সময়ৰ বিষাদ তাচিল্যতা
ছায়া আসন্ন গছৰ মাজত জোনাক আবদ্ধ
হীনমান্যতাত ভুগি থকা এখন হৃদয়ত স্মৃতিৰ কৰুণ তাণ্ডৱ

(দৃশ্য দুই)কানিমুনি পুৱা
চৰাইয়ে ফেঁহুজালি দিয়া সময়
বাটৰ কাষত বৰজোপাৰ বেঁকা ডালটোত ওলমি ৰ'ল স্থবিৰতা

(দৃশ্য তিনি)ৰাতিপুৱা
মানুহৰ জুমটোত ফুচফুচনিৰ কোলাহল
সকলোৱে ক'লে মানুহজন বৰ নিসংগ আছিল
নিসংগতাই তিল তিলকৈ আত্মহনন কৰালে তেওঁক ।
---------------------------------------------------------------------------
"নিৰ্বাসন"
 জয়ালতাই আৱৰা আউঁসী ৰাতি
ধূষৰ ভাৱনাত মাতাল মোৰ মনৰ পৰিধি
পুৰণা দিনৰ নীলাভ গীতৰ কলি গুণগুণাই
এইয়া ৰিক্ত পিয়লাত বাকি লৈছো
হেৰুৱা দিনৰ সুবাস উৎফুল্লিত মদিৰা
যাক ঢোকে ঢোকে পান কৰি
বিষাদৰ অশ্রুৰে তিয়াইছো বুকুৰ গভীৰতা
মুখ গুজি উচুপিছো স্মৃতিৰ নীলাভ বুকুত
মৌনতা আজি মোৰ ওঁঠৰ ভাষা
নিৰ্বাসন দিছো নিজক জনঅৰণ্যৰ পৰা
নিসংগতা আৰু মই
এতিয়া আমি দুয়ো দুয়োৰে আজীৱন লগৰী ।
---------------------------------------------------------------------------

কৰুণতাৰ বাঁহী কিমান বাম বিষন্ন সন্ধ্যাত
বুকুৰ তেজবোৰ কৰাল বান্ধিছে হৃদপিণ্ডত ক্রমাত
তমসাই যেন হাতবাউলি মাটি আছে
আহ আকৌ ৰক্তাক্ত হৈ থিতাপি ল সৃষ্টিৰ কোলাত ।
 ---------------------------------------------------------------------------
 নষ্টালজিয়াৰ প্রিয়তম নাৰী
তোমাৰ মৃত্যুপিপাসিনী যাত্রাত
মোৰ কলিজাৰ প্রতিটো শোণিত কণাই
হাহাকাৰ কৰি আত্মহনন কৰিছে স্ব-ইচ্ছাই ।
 ---------------------------------------------------------------------------
 তুমিও জীৱন পিয়াসী মই ও
বেদনা সেয়েহে আমাৰ সহযাত্রী
সময়ৰ ৰেলগাড়ীত তোমাৰ আস্থান ও আহিব মোৰ ও
হয়তু অলপ আগত তুমি নামিবা বা তোমাতকৈ আগত মই ।
 ---------------------------------------------------------------------------
 দিচাংমুখত ৰৈ ৰিঙিয়ালো মই
টেকেলীফুটাত ৰৈ ৰিঙিয়ালা তুমি
নুশুনিলো পৰস্পৰে পৰস্পৰক
বৰলুইত আৰু বেছি খৰস্ৰোতা হ'
কাৰণ বৰলুইত যে এতিয়া ভৰযৌৱনা উন্মাদ ।
 ---------------------------------------------------------------------------
 আহিম আহিম কৈ
ৰৈ থকা বৰষুণজাক নামিল
মন এতিয়া প্রফুল্লিত
বিষাদ গ'ল উটি ।
---------------------------------------------------------------------------
 দুখঃবোৰ কি আউঁসীৰ তমসা
দুচকু জপাই দিলে দেখি পোৱা বিভিষিকা ।
---------------------------------------------------------------------------
তুমি সুধিলা,"পোৱা" আৰু "হেৰুউৱা" কি
মই কলো, "জীৱনৰ সংজ্ঞা"
---------------------------------------------------------------------------
মাজনিশাত এজাক ধুমুহাৰ তাণ্ডৱ
সেয়া যেন হাজাৰ শ্বহীদৰ অতৃপ্ত আত্মাৰ বিননি
তমসাই গ্রাস কৰা শত জনৰ হৃদয়
উজাগৰে পাৰ হয় মাতৃৰ যামিনী
ভৰিৰে খচকা কলিজাৰ স্বাধীনতা
কোৱা অসমীয়া আজিৰ অসমত
কি পাইছা কি হেৰুৱাইছা তুমি সুবিধাবাদী হৈ ।
---------------------------------------------------------------------------
নষ্টাল সময়ৰ ছাকনৈয়াত পৰি
তোমাৰ দিন-যাপন সম্প্রতি নষ্ট
তোমাৰ নষ্ট দিনযাপনে মোক কন্দুৱাইছে
আজি মোৰ স্বীকাৰোক্তি
হয় তোমাৰ নষ্ট দিন যাপনৰ বাবে ময়ে দোষী ।
---------------------------------------------------------------------------
অমানিশাত তমসাৰ কোলাহল
আৰু মোৰ স্মৃতিৰ অভিধান
উপলব্ধি মাথো এটাই
বুকু ভঙা বিষাদ
---------------------------------------------------------------------------
 বোঁৱতি নদীখনক সুধিলো মনৰ ঠিকনা
ৰিঙিয়াই কৈ গ'ল সাগৰৰ বিশালতা
পোহৰক সুধিলো অস্তিত্বৰ প্রমাণ
আঙুলিয়াই দেখাই গ'ল মোৰ ক'লা ছাঁ
বতাহক সুধিলো মোৰ অনুভৱ ক'
গতিবেগ বঢ়াই চুই গ'ল মোক ।
 ---------------------------------------------------------------------------
 সন্ধ্যাৰ মায়াময় মাদকতাক ভৰিৰে গছকি
নিস্তব্ধ তমসাৰ গহীন খোজ
আৰম্ভণি আৰু এটা দীঘল বিষময় কাল ৰাত্রিৰ ।
---------------------------------------------------------------------------
মোৰ বুকুত এটা মকৰাই জাল সাঁজিছে
সেই জালৰ চিকাৰ হৈ মৃত হৈছে
মোৰ আশা,আকাংশা,ভালপোৱা,সপোন,তথা সকলো অনুভূতি
বিষাদ নামৰ এই মকৰাটোৱে বৰ উদ্যমৰে চুহি পেলাইছে মোৰ বাস্তৱ ।
---------------------------------------------------------------------------
 কল্পনা বিলাসী আকাশত শূণ্যতাৰ খৰ বিজুলী
সপোনৰ পৰিধিতো শূণ্যতাৰ বিচৰণ
জীৱনৰ বস্তৱিকতা ও শূণ্য
আস্ শূণ্যতাত কিয় বিলিন হ'ব পৰা নাই মই?
---------------------------------------------------------------------------
শূণ্যতাক হত্যা কৰিবলৈ
মদিৰা বাকি দিছো পিয়লাত
আগতে পিয়লাটোত শূণ্যতা আছিল
এতিয়া ৰঙীন মদিৰাৰে মায়াময় পূৰ্ণতা ।
---------------------------------------------------------------------------
জন্মৰে পৰা শূণ্যতাই শিপাই আছে কলিজাত
কাৰণ মৰম আদৰৰ অবিহনেই পৰিসমাপ্তি ঘটিল
মোৰ শৈশৱ আৰু কিশোৰৰ
সম্প্রতি নিসংগতা বিৰাজমান মোৰ যৌৱনত
হয়তো নিসংগতা শূণ্যতাৰে প্রকৃত সংজ্ঞা।
---------------------------------------------------------------------------

 তোৰ হেপাঁহখিনিৰে পৰিপূৰ্ণ কৰিছিলো নিসংগতাক
দুদিন মৰম যাঁচি তই ও শূণ্যতাৰ বুকুত এৰি গ'লি পুনৰ
ঠিক বুজিছো মই
মই নিসংগতা আৰু সুৰাৰ সস্তিয়া মাদকতা
এতিয়া আৰু শূণ্যতা নাই, গিলি পেলালো মদিৰা ৰঙীনতাত মিহলাই।
---------------------------------------------------------------------------

জীৱনকালত অহৰ্নিশে ধপধপাই থকা তেজাল হৃদপিণ্ড
পৰিসমাপ্তি সাৱতি স্তব্ধ হৈ পৰা এক নিৰ্মম সত্য
চিৰপ্রৱাহমান শোণিতৰ ধাৰা এতিয়া কৰাল বন্ধা
তমসাই ৰহণ সনা শোণিতৰ শুকান নিকৰি
চোৱা ক'লা পৰা নিঠৰ দেহত শূণ্যতাৰ কি প্রয়োভৰ।
-----------------------------------------------------

"তুমি ওঁঠত ৰং নাহানিবা"

তুমি ওঁঠত ৰং নাহানিবা
এনেও তোমাৰ ওঁঠ পকা পনিয়ল বৰণীয়া
তোমাৰ দুচকু হৰিণী নয়না
তাত তুমি কাজল নাহানিবা
ডিঙিলৈ পৰি ৰোৱা তোমাৰ সোণালী চুলি
আস্ তাত মোক ম্লান হ'ব দিয়া
তোমাৰ খোজৰ লয়লাস ভঙ্গীমাত
স্তব্ধ হৈ যায় বহুতৰে খৰস্রোতা সময়
তোমাৰ মিচিকি হাঁহিত
বহু বৃদ্ধ পুনৰ যৌৱন প্রাপ্ত হৈ নীলাভ হৈ উঠে
ৰাস্তাৰে তুমি পাৰ হৈ গ'লে
বুঢ়া ডেকা সকলোৰে চকুত ধৰ্ষীতা হোৱা বাৰে বাৰে
সেয়েহে আকৌ কৈছো এবাৰ
প্লিজ তুমি ওঁঠত ৰং নাহানিবা
এনেও তোমাৰ ওঁঠ পনিয়ল বৰণীয়া ।


----------------------------------------------------------------------------------

অন্য এক  অধ্যায়: "সৰু কবিতা"

----------------------------------------------------------------------------------

()

"নিশা"
উজাগৰী নিশা
তমসাৰ ভাষা
মই ব্যাকুল তোমাক বিচাৰি
তুমি শুই আছা আনৰ মৰম বুটলি

()

"বিষাদ"
প্রেম মোৰ বাবে নৰক যান্ত্রনা
তুমি দি যোৱা বিষযয় মদিৰা
আজি মই ইয়াত তুমি হেৰাই থাকিলা কৰবাত

()

"স্মৃতি"
তোমাৰ দৰে মোৰ হৃদয়তো খোঁচা-বিন্ধা কৰি আছে
আমাৰ অতীত ' ধৰা ভালপোৱাৰ স্মৃতিয়ে
তুমি হেৰুৱা হিচাব বুকুত বান্ধি জীয়াব শিকিছা
মই নিজে হেৰাই হেৰাই জীয়াব শিকিছো

(৪)

"অশ্রু"
তোৰ অভিমনত কলিজাৰ কেচাঁ তেজবোৰ কৰাল বান্ধে
চেপাঁ নিসংগতাত দুচকুৰে বৈ বৈ সৰি পৰে টোপ টোপ অশ্রু

()

"অস্তিত্বহীন"
প্রেম মোৰ বাবে নৰক যান্ত্রনা,
সেয়ে মই আজি অস্তিত্বহীন
কঠোৰ 'বলৈ শিকা দিন ধৰি
তোমাক বিচাৰি হাহাকাৰ কৰা নাই মই

()

অনুতাপৰ দহনেই আজি তেওঁৰ প্রাপ্তি
মাজত বোঁৱতি নৈ,
এপাৰত মই আনপাৰত তেওঁৰ স্মৃতি ।

()

"সেউজীয়াৰ -পল্লৱ"
নিসংগতাৰ অঙঠাত সোঁৱৰণীৰ বা লাগি
জ্বলি উঠিছে বিষাদৰ লেলিহান জুই
জ্বলি ছাঁই হৈছে অনুৰাগিণীৰ স্মৃতিৰ চিতা
কৈ সৰা আবেগৰ বৰষুণত
আকৌ সেউজীয়াই পোখা মেলিছে মোৰ হৃদয়ত
নতুনত্বৰ সাজত এতিয়া মই গাঢ় সেউজীয়া

()

অপৰাজিতা ফুল আকৌ ফুলিল
মোৰ অপৰাজিতা তুমি আজি আনৰ পত্নী

()

"শূণ্যতা"
জনশূণ্য পথটোৰ মাজত ৰৈ
আকৌ এবাৰ উভতি চালো মই,
যিমান দূৰলৈকে চকু গৈছে
...সিমান দূৰলৈকে মাথো শূণ্যতা
অনুভৱ কৰিলো সচাঁই মই অকলশৰীয়া

(১০)

তোমাৰ চহৰীয়া অভিমানৰ বন্যাত
জাল বাই মই ধৰো অনুতাপৰ শাল-শিঙি

(১১)

সুৰাৰ লাস্যময়তাত মন মাতাল
নিছা শেষ মই সজাগ .....

(১২)

অভিমানৰ চিতা সাজি নিজকে দাহ কৰিছা
লগত জাপি দিছা মোৰ মৰম আৰু বিশ্বাস
অস্থিভষ্ম বিসৰ্জন দিলা বিশ্বাসঘাতৰ ঘাটত
বিনাদ্বিধাই পাতি পেলালা আমাৰ ভালপোৱাৰ দহা-শ্ৰাদ্ধ।

(১৩)

তোমাক ভিক্ষা মাগিলো এধানি মৰম
তুমি দান দিলা যন্ত্রণাৰ সাগৰ

(১৪)

অভিমানী ধুমুহাজাক এতিয়া শান্ত
ডাল-পাত সৰি মোৰ হৃদয় বৃক্ষ এতিয়া নগ্ন

(১৫)

নিৰ্মম যান্ত্রনাই চেপি নিৰস কৰা হৃদয় বৃক্ষ
উঘালি পৰা দিন ধৰি উই পৰুৱাৰ কামোৰ যেন অতিতৰ তাচিল্য
কিদৰে নো বাট চাঁও বসন্তৰ ?
কিদৰে নো সানো সেউজীয়াৰ ৰহণ ?
কিদৰে নো তিতো আনন্দৰ বৰষুণত?

(১৬)

তোমাৰ নষ্টালজিয়াই থকা সৰকা কৰে নিসংগতাত
জ্বলিব নিবিচাৰো মই,তুমি চিতা সাজি খৰি দিয়া মোক

(১৭)

নিসংগতাৰ তোষামোদৰ নিকুঞ্জত এৰি গৈছিলা মোৰ কলিজাক
এবাৰো নাভাবিলা আন্ধিয়াৰি সময়ে তিল তিলকৈ হত্যা কৰিব মোক

(১৮)

তোমাৰ প্রেমৰ নিৰঙ্কুশ মালিতা
বাস্তৱিকতাৰ বাঢ়নীয়াত হ্রাসমান মোৰ হৃদয়ৰ পৰা

(১৯)

হাস্যৰস পান কৰি মই এতিয়া মাতাল
জীৱনৰ ছন্দ এতিয়া ৰসিকতাৰ মায়াজালত

(২০)

অনুভৱৰ মৃত্যুত পাহৰিলো হাঁহিব
জীৱনক লৈ খেলাৰ ধৃষ্টতা ' ?

(২১)

"ভাষাৰ মৃত্যুত হতবাক মই
লিখিব পৰা নাই বাস্তৱিকতাৰ কবিতা
তমসাই বাহ লৈছে জীৱনৰ অংশুমানত
উপলব্ধি কৰিছো মোৰ অস্তিত্ব বিপন্ন"

(২২)

তোমাৰ চহৰীয়া উচ্চাকাংক্ষাত
প্রতিপল ধৰ্ষিত মোৰ আকুল ভালপোৱা
মোৰ বিশ্বাসক তুমি হত্যা কৰা দিন ধৰি
মই জীয়াই থাকিও মৃত।

(২৩)

নিসংগতাৰ মায়াজালত ওলমি আছে সময়
মদিৰাৰ পিয়লা ৰিক্ততাৰে পৰিপূৰ্ণ
মোৰ মৃত্যু হোৱাৰ দিন ধৰি
পৰি আছে মোৰ সপোনৰ কোলাহল
সোঁৱৰণিৰ অতল গহ্বৰত

(২৪)

মোক নুসুধিবা কোন মই
মই ' থাকো সেইয়া নৰক
আপাত আহংকাৰ মোৰ গৌৰৱ
পান কৰো প্রতিপল ধুমুহাৰ তাণ্ডৱ
নষ্টালজিক কবি মই
নষ্টাল মোৰ কবিতাৰ তুলিকা

(২৫)

মোৰ মনৰ মাজত আকৌ প্রেমৰ বুৰবুৰণি তুলিবলৈ
কিয় বাৰে বাৰে মোক চুই যোৱা তুমি বৰষুণ

(২৬)

(দৃশ্য এক)শেষনিশা
স্তব্ধ সময়ৰ বিষাদ তাচিল্যতা
ছায়া আসন্ন গছৰ মাজত জোনাক আবদ্ধ
হীনমান্যতাত ভুগি থকা এখন হৃদয়ত স্মৃতিৰ কৰুণ তাণ্ডৱ
(দৃশ্য দুই)কানিমুনি পুৱা
চৰাইয়ে ফেঁহুজালি দিয়া সময়
বাটৰ কাষত বৰজোপাৰ বেঁকা ডালটোত ওলমি ' স্থবিৰতা
(দৃশ্য তিনি)ৰাতিপুৱা
মানুহৰ জুমটোত ফুচফুচনিৰ কোলাহল
সকলোৱে 'লে মানুহজন বৰ নিসংগ আছিল
নিসংগতাই তিল তিলকৈ আত্মহনন কৰালে তেওঁক

(২৭)

"নিৰ্বাসন"
জয়ালতাই আৱৰা আউঁসী ৰাতি
ধূষৰ ভাৱনাত মাতাল মোৰ মনৰ পৰিধি
পুৰণা দিনৰ নীলাভ গীতৰ কলি গুণগুণাই
এইয়া ৰিক্ত পিয়লাত বাকি লৈছো
হেৰুৱা দিনৰ সুবাস উৎফুল্লিত মদিৰা
যাক ঢোকে ঢোকে পান কৰি
বিষাদৰ অশ্রুৰে তিয়াইছো বুকুৰ গভীৰতা
মুখ গুজি উচুপিছো স্মৃতিৰ নীলাভ বুকুত
মৌনতা আজি মোৰ ওঁঠৰ ভাষা
নিৰ্বাসন দিছো নিজক জনঅৰণ্যৰ পৰা
নিসংগতা আৰু মই
এতিয়া আমি দুয়ো দুয়োৰে আজীৱন লগৰী

(২৮)

কৰুণতাৰ বাঁহী কিমান বাম বিষন্ন সন্ধ্যাত
বুকুৰ তেজবোৰ কৰাল বান্ধিছে হৃদপিণ্ডত ক্রমাত
তমসাই যেন হাতবাউলি মাটি আছে
আহ আকৌ ৰক্তাক্ত হৈ থিতাপি সৃষ্টিৰ কোলাত

(২৯)

নষ্টালজিয়াৰ প্রিয়তম নাৰী
তোমাৰ মৃত্যুপিপাসিনী যাত্রাত
মোৰ কলিজাৰ প্রতিটো শোণিত কণাই
হাহাকাৰ কৰি আত্মহনন কৰিছে স্ব-ইচ্ছাই

(৩০)

তুমিও জীৱন পিয়াসী মই
বেদনা সেয়েহে আমাৰ সহযাত্রী
সময়ৰ ৰেলগাড়ীত তোমাৰ আস্থান আহিব মোৰ
হয়তু অলপ আগত তুমি নামিবা বা তোমাতকৈ আগত মই

(৩১)

দিচাংমুখত ৰৈ ৰিঙিয়ালো মই
টেকেলীফুটাত ৰৈ ৰিঙিয়ালা তুমি
নুশুনিলো পৰস্পৰে পৰস্পৰক
বৰলুইত আৰু বেছি খৰস্ৰোতা '
কাৰণ বৰলুইত যে এতিয়া ভৰযৌৱনা উন্মাদ।

(৩২)

আহিম আহিম কৈ
ৰৈ থকা বৰষুণজাক নামিল
মন এতিয়া প্রফুল্লিত
বিষাদ ' উটি

(৩৩)

দুখঃবোৰ কি আউঁসীৰ তমসা
দুচকু জপাই দিলে দেখি পোৱা বিভিষিকা

(৩৪)

তুমি সুধিলা,"পোৱা" আৰু "হেৰুউৱা" কি
মই কলো, "জীৱনৰ সংজ্ঞা"

(৩৫)

মাজনিশাত এজাক ধুমুহাৰ তাণ্ডৱ
সেয়া যেন হাজাৰ শ্বহীদৰ অতৃপ্ত আত্মাৰ বিননি
তমসাই গ্রাস কৰা শত জনৰ হৃদয়
উজাগৰে পাৰ হয় মাতৃৰ যামিনী
ভৰিৰে খচকা কলিজাৰ স্বাধীনতা
কোৱা অসমীয়া আজিৰ অসমত
কি পাইছা কি হেৰুৱাইছা তুমি সুবিধাবাদী হৈ

(৩৬)

নষ্টাল সময়ৰ ছাকনৈয়াত পৰি
তোমাৰ দিন-যাপন সম্প্রতি নষ্ট
তোমাৰ নষ্ট দিনযাপনে মোক কন্দুৱাইছে
আজি মোৰ স্বীকাৰোক্তি
হয় তোমাৰ নষ্ট দিন যাপনৰ বাবে ময়ে দোষী

(৩৭)

অমানিশাত তমসাৰ কোলাহল
আৰু মোৰ স্মৃতিৰ অভিধান
উপলব্ধি মাথো এটাই
বুকু ভঙাবিষাদ

(৩৮)

বোঁৱতি নদীখনক সুধিলো মনৰ ঠিকনা
ৰিঙিয়াই কৈ ' সাগৰৰ বিশালতা
পোহৰক সুধিলো অস্তিত্বৰ প্রমাণ
আঙুলিয়াই দেখাই ' মোৰ 'লা ছাঁ
বতাহক সুধিলো মোৰ অনুভৱ '
গতিবেগ বঢ়াই চুই ' মোক

(৩৯)

সন্ধ্যাৰ মায়াময় মাদকতাক ভৰিৰে গছকি
নিস্তব্ধ তমসাৰ গহীন খোজ
আৰম্ভণি আৰু এটা দীঘল বিষময় কাল ৰাত্রিৰ

(৪০)

মোৰ বুকুত এটা মকৰাই জাল সাঁজিছে
সেই জালৰ চিকাৰ হৈ মৃত হৈছে
মোৰ আশা,আকাংশা,ভালপোৱা,সপোন,তথা সকলো অনুভূতি
বিষাদ নামৰ এই মকৰাটোৱে বৰ উদ্যমৰে চুহি পেলাইছে মোৰ বাস্তৱ

(৪১)

কল্পনা বিলাসী আকাশত শূণ্যতাৰ খৰ বিজুলী
সপোনৰ পৰিধিতো শূণ্যতাৰ বিচৰণ
জীৱনৰ বাস্তৱিকতা শূণ্য
আস্ শূণ্যতাত কিয় বিলিন ' পৰা নাই মই?

(৪২)

শূণ্যতাক হত্যা কৰিবলৈ
মদিৰা বাকি দিছো পিয়লাত
আগতে পিয়লাটোত শূণ্যতা আছিল
এতিয়া ৰঙীন মদিৰাৰে মায়াময় পূৰ্ণতা

(৪৩)

জন্মৰে পৰা শূণ্যতাই শিপাই আছে কলিজাত
কাৰণ মৰম আদৰৰ অবিহনেই পৰিসমাপ্তি ঘটিল
মোৰ শৈশৱ আৰু কিশোৰৰ
সম্প্রতি নিসংগতা বিৰাজমান মোৰ যৌৱনত
হয়তো নিসংগতা শূণ্যতাৰে প্রকৃত সংজ্ঞা।

(৪৪)

তোৰ হেপাঁহখিনিৰে পৰিপূৰ্ণ কৰিছিলো নিসংগতাক
দুদিন মৰম যাঁচি তই শূণ্যতাৰ বুকুত এৰি 'লি পুনৰ
ঠিক বুজিছো মই
মই নিসংগতা আৰু সুৰাৰ সস্তিয়া মাদকতা
এতিয়া আৰু শূণ্যতা নাই, গিলি পেলালো মদিৰা ৰঙীনতাত মিহলাই

(৪৫)

জীৱনকালত অহৰ্নিশে ধপধপাই থকা তেজাল হৃদপিণ্ড
পৰিসমাপ্তি সাৱতি স্তব্ধ হৈ পৰা এক নিৰ্মম সত্য
চিৰপ্রৱাহমান শোণিতৰ ধাৰা এতিয়া কৰাল বন্ধা
তমসাই ৰহণ সনা শোণিতৰ শুকান নিকৰি
চোৱা 'লা পৰা নিঠৰ দেহত শূণ্যতাৰ কি প্রয়োভৰ।

(৪৬)

নিস্তব্ধ নিশা তমসা সৰা
জ্বলাই গৈছো ইটোৰ পাছত সিটো চিগাৰেট
নিসংগতাৰ হুমুনিয়াহ বোৰত
যা হওঁক চিগাৰেট, তোকে পুৰি ছাই কৰিছো।

(৪৭)

আজিও মই তোমাক একো দিব নোৱাৰাকৈ দিন-দৰিদ্র
প্রয়োজনীয় বুলি যদি ভাবা তেন্তে বুকু ফালি লৈ যোৱা মোৰ কলিজা
মোৰ ৰক্তাক্ত কলিজাৰ মৰমবোৰ বহুদামী এটুকুৰা হীৰাত কৈ মূল্যৱান
তুমি হয়তু একো মূল্যৰে বিনিময় কৰিব নোৱাৰা এই ভালপোৱা।

(৪৮)

তই সম্প্রতি এক নৰকীয় আন্ধাৰ গলিৰ বাসিন্দা
সত্য প্রৱেশ কৰিব নিবিচাৰে তোৰ গলিত
ভয় কৰে তোৰ মাতৃয়ে অকাল মৃত্যু সাৱতে বুলি
বাস্তৱৰ পৰা পলৰীয়া তই, ঘৃণাৰ বুৰঞ্জী লিখি আজি তই ঘৃণা বুটলিছ,
এইয়াই হয়তো তোৰ অন্তিম পাপ্তি।

(৪৯)

আজি তোক দেখি ঘৃণা উপজিল
হজম নোহোৱা সুৰা মিহলি বমিত শুই আছ তই
ধূৰ্মপানৰ ধোঁৱাৰে দুৰ্গন্ধময় তোৰ দেহৰ সুবাস
তই, মোৰ চিনাকি তই জনী প্রকৃততে তয়ে নে?

(৫০)

জীৱন মৰুভূমিত মৰিচিকা খেদি থাকোতে
হঠাৎ অনুভৱ কৰিলো তোমাৰ অস্তিত্ব
সম্প্রতি হেঁপাহ পলুৱাই পান কৰিছো
তোমাৰ পৰা বৈ অহা প্রেম নিজৰাৰ পানী
মই এতিয়া পুনঃ সতেজ জীৱন মৰুভূমিত।

(৫১)

সম্প্রতি তুমি শূণ্য দেখিও
তোমাক বিচাৰো মোৰ ভাৱনাৰ প্রদেশত
সপোনতে আহি মৰমৰ ঘৰ সাজিবলৈ
সেউজীয়া আতৰাই গাঢ় নীলা ৰং সানিবলৈ
যদি পাৰা গুচি আঁহা,আকোৱালি লম আকাংক্ষাৰ মাদকতাৰে।

(৫২)

তোমাৰ ভাৱনাৰ প্রদেশ শূণ্যতাৰে পৰিপূৰ্ণ যদিও
মই বিচাৰিব পাৰিম তাত শব্দ, কবিতা, গান
তমসাই বাহ লোৱা তোমাৰ বুকুৰ সেউজীয়াত
মৰমেৰে উপচাই পুনঃ সেউজ কৰি লম মই
মাথো তুমি উভতি আঁহা, নিষ্ঠুৰ হৈ পৰিলেও
মোৰ ভালপোৱাৰে তোমাক কোমল কৰি লম মই।

(৫৩)

নাই হেৰুৱা, আমাৰ সেই পুৰণা বাট একেই আছে
মাথো আজিকালি অহা যোৱা নকৰো বাবে কাইটিয়া লতাই আৱৰি ধৰিছে
তুমি উভতিবলৈ ভৰি স্থিৰ কৰা,
মই পুনৰ মসৃণ কৰি দিম এই পথ
কাটি কুটি পৰিস্কাৰ কৰি দিম কণ্টক।

(৫৪)

নিশিগন্ধা তুমি নিশাৰ সুগন্ধী
নিদ্রাৰ কোলাত মোৰ সপোন লগৰী।

(৫৫)

তোমাক হেৰুৱা দিৱসত মই হৈ পৰিছিলো বৰ আৱেগিক
পাহৰণিৰ ঢৌ তুলি তুলি তুমি আঁতৰি 'লা বহুদূৰ মোৰ পৰা
সময়ৰ কোবাল লহৰত হেৰুৱালো আমি পৰস্পৰে পৰস্পৰক
কব পৰাকৈ এতিয়া মাথো জীপাল হৈ আছে সোঁৱৰণী
যাক সাৱতি হয়তু দুয়ো হাঁহো দুয়ো কান্দো সম্প্রতি

(৫৬)

তমসাবৃত মোৰ নিসংগতাৰ পৃথিৱীত
বৰ বেদনা অনুভৱ কৰিছো আজি
মোৰ দৰে তুমিও হত্যা কৰিলা নিজক
তোমাৰ এই নতুন ৰূপে আকৌ মৃতপ্রায় কৰিলে মোক

(৫৭)

যদি তুমি বাকি দিয়া
তোমাৰ মৰম-হেঁপাহৰ মদিৰা
অনায়াসে পান কৰিব পাৰো
জীৱনৰ প্রতিটো পুৱা আৰু সন্ধিয়াত।

(৫৮)

অন্ধকাৰে ঠাঁহ খোৱা হিয়াৰ নিকুঞ্জ
জয়ালৰ পৰা জয়াল হৈ পৰা নিঃসংগ ৰাতি
শূণ্যতাত ম্লান হোৱা ভাৱনাৰ প্রতিচ্ছবি
বুকুৰ মাজত পৰা নিগৰা হুমুনিয়াহৰ তপত বা
এই সকলো সাৱতি আজি মই বহু ক্লান্ত।

(৫৯)

জীৱনৰ বাটত সংগ বিচাৰি
খামুচিলো তোমাৰ কাঁইটিয়া দুহাত
দুচকু মোহাৰি সজ হৈ দেখিলো
ৰঙা ৰক্তৰে কৰাল বন্ধা আজি মোৰ দুহাত।

(৬০)

জীৱনৰ প্রহেলিকাত ডুবি পৰিছে মূল্যবোধ
দুই নাৱত দু-ভৰি দি কক্ বকাই ' সময়।

(৬১)

তোমাক পোৱাৰ হাবিয়াস আছিল
মোৰ জীৱনৰ আকুলতা
তাৰ পৰিণাম কি পালো চোৱা
জ্বলি জ্বলি শেষ হৈ যোৱা
মোৰ মই হৈ থকাৰ অস্তিত্ব।

(৬২)

মদিৰাৰ মায়াময় মাদকতাত
মাতালতাৰে ম্লানময় মোৰ মস্তিষ্ক
মৃত মৰুভূমিত মাতালতাৰে মই
মোহাৰিছো মায়াৰ মুগ্ধময় মৰিচিকা।

(৬৩)

নিসংগতাৰ নিকুঞ্জ
নষ্টালতাৰ নদী
নিৰৱ নাঁৱৰীয়াৰ
নিজৰ নৈৰাস্যময়তা।

(৬৪)

সময়ৰ সূক্ষ্মতাত সুপ্তময় সত্য
সন্ধ্যাৰ সুৰুঙাৰে সোমাইছে সংগোপনে
সংকীৰ্ণ সমাজৰ সতীত্ব সত্বাৰ
সংশয়ময় সমালোচনাত সকলো সদস্যই সভ্য।

(৬৫)

নিঃসংগতাৰ সতে বন্ধুত্ব কৰা দিন ধৰি
বাৰম্বাৰ কৈছো তোমাক
মোৰ খণ্ড খণ্ড হৈ পৰা কলিজাটোত
পুনৰ উমালতাৰ পৰশ নাসানিবা তুমি।

(৬৬)

সম্প্রতি তুমি মোৰ নষ্টাল কবিতাৰ ধূষৰিত স্তৱক
পুনৰ তোমাত লিন হবলৈ হাতবাউলি নামাতিবা
মোৰ বৰ্তমানত তুমি আমনিও নকৰিবা
তুমি অতীত, অতীত হৈয়ে থাকি যোৱা চিৰকাল।

(৬৭)

তোমাক সজতনে লিখি ৰখা ডায়েৰীখন
যোৱা কালি উটুৱাই দিলো সুবিশাল বৰলুইতৰ বুকুত
লুইতৰ বুকুৰে ভটিয়াই তোমাৰ ঘাটত লাগিব
পঢ়ি চাবা বুকুৰ শোণিতৰে লিখা প্রতিখিলা পাত।

(৬৮)

নিঃশব্দে সৰিছে জয়াল তমসা
দূৰৈত কৰবাত পাশৱিক উল্লাস এজাক শিয়ালৰ
বিষময় হুমূনিয়াহ বাষ্পৰে মলিন এটি জীৱ
সচাঁই জীৱনৰ কুটিল যুদ্ধত সৰ্বহাৰা তেওঁ
ক্রমাৎ আতঁৰিল তমসা, নিথৰ হৈ ওলমি ' শূণ্যতা।

(৬৯)

সময়ৰ প্রহেলিকাময় পাক,
সকলোতে জয়লাভ কৰিলো বুলি
মিছা মায়াত ডুবি পাহৰিছিলা নিজক
হাঃহাঃহাঃ, এতিয়া চোৱা কি পাইছা তুমি
অহংকাৰৰ উচিত মূল্য,সৰ্বহাৰা আৰু শূণ্যতা।

(৭০)

জীৱনে দিয়া পাঠ আওৰাঁয় আছো নিঃশব্দে
তুমি হয়তু পাহৰি 'লা সময়ৰ কুটিলতাত
সময়ক ধৰি ৰাখিবলে বৃথা চেষ্টা নকৰিবা
এজাক বতাহৰ দৰে তোমাক চুই গুচি যাব
মায়া হেৰাই 'লে বৰ কষ্ট পাবা জীয়াই থাকিবলে।

(৭১)

তোমাৰ মোৰ লক্ষ্য পথ এটাই
একাষে তুমি যোৱা আনকাষে মই
ঠিক যেন ৰেলৰ চিৰি দুটা
বহু ওচৰ চাপি পুনৰ আতঁৰি যাওঁ আমি।

(৭২)

পদুমৰ পাতত পুৱাৰ নিয়ৰকণা
চিকমিকাই আছে বেলিৰ উষ্ম পৰশ পায়
হৃদয়ৰ পাতত তোমাৰ মৰমৰ ভাষা
কলমলাই আছে মোৰ নষ্টালতাৰ উম পায়।

(৭৩)

নীলাৰ মাজত চিকমিক তোমাক দেখি
মতিভ্রষ্ট হৈ দৌৰিছিলো তোমাক সাৱতো বুলি
ওচৰ পাই দেখিলো,
আকাশৰ পৰা খহি পৰা তুমি এক পপীয়া তৰাহে
উপলব্ধি কৰিলো মৰিচিকাৰ মাজতনো ' পানীৰ নাদ।

(৭৪)

জোনাকৰ মাজতে তুমি চুই যোৱা
এজাক বতাহ হৈ
কিয় তুমি মোৰ হৈ মোৰ নহ'লা
বতাহজাক হৈ কিয় থাকি 'লা সোণ?

(৭৫)

অসমী আইৰ কোলা এতিয়া উকা
শত-সহস্রক কন্দুৱাই মামা তুমি শান্তিৰ কোলাত
চিৰ নিদ্রাত শুই পৰিলা।
তুমি আকৌ আহিবা
অসমী আইৰ বুকুত ৰচিবা চিৰ সেউজীয়াৰ গীত।
(মামাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি সৰ্ব শক্তিমান জনৰ ওচৰত পাৰ্থনা কৰিলো। )

(৭৬)

এটি গীতৰ কিছু ধূষৰ শব্দই
তোলাপাৰ লগাই ' মোৰ বাস্তৱক
শব্দহীনতাৰ দৈন্যতাত মোৰ হুমূনিয়াহৰ কেকঁনি
কিদৰে পুনৰ গুন গুনাও সেই অশ্পৃশ্য গীতৰ
কেতিয়াও মামৰ নলগা লৌহ কঠোৰ শাৰী কেইটা।

(৭৭)

সময়ৰ তাচ্চিল্যত উটি ভাঁহি
সম্প্রতি মোৰ বাস্তৱৰ স্থিতি
আজি ইয়াত কালি তাত।

(৭৮)

তুমি বিচৰা নীলা ক্ষীপ্র নদীখন
'বলৈ চেষ্টা নকৰিলো মই
কাৰণ নিলজ্জতাক লুকোৱাবলৈয়ে মই পোচাক পিন্ধো
তোমাৰ চৌখিনতাত নিলাজ ' নোৱাৰো মই।

(৭৯)

উজাগৰী ৰাতিবোৰত হুমূনিয়াহৰ অধিপত্য
তমসাৰ লগত মিহলাই বেদনাবোৰক তুমি মই হয়তু
হুমূনিয়াহৰেই বিনিময় কৰো পৰস্পৰে পৰস্পৰৰ লগত।

(৮০)

মোৰ সোঁৱৰণীত
তোমাৰ অস্তিত্বক মচিবলৈকে
বুকুত ফটিকাৰ সোণোৱালি ৰহণ সাঁনো ....

(৮১)

তোমাৰ উজাগৰী ৰাতিবোৰক আৰু জয়াল কৰাৰ সাহস মোৰ নাই
ফটিকাৰ মায়াময় ৰঙীনতা সানি চেষ্টা কৰো মাথো মই মাতাল হবলৈ
জানো মোৰ এই মাতালতাত তুমিও ৰঙীন হোৱা মোৰ মাজত।

(৮২)

হেপাঁহৰ আনটো পাৰত
এতিয়া শূণ্যতাৰ গৰা খহনীয়া
সপোনৰ মাজৰে ৰিঙিয়াই মাতিবলৈও
তুমি এতিয়া সোঁৱৰণীৰ অটল গহ্বৰত সমাধিস্থ।

(৮৩)

তেজাল অংশুমানৰ চোকা উত্তাপত
শুকাই গৈছে সহস্রজনৰ তেজৰ কৰাল
আই তোৰ শেতাঁ পৰা হাঁহিটোক
কিদৰে জীপাল কৰো মোৰ চোতালৰ নিয়ৰ সৰা দূবৰিৰে?

(৮৪)

মোক মাঠো দুটা পেগ দিয়া
তোমাৰ অহংকাৰী সত্বাক
জ্বলাই ছাঁই কৰিবলে সেয়াই যথেষ্ট

(৮৫)

আজি তোমাৰ চকুলো মচিবলৈ
মোক বহুত আতঁৰত ৰাখি দিলা
হুমূনিয়াহবোৰৰ মাজতে থাকি ' ভালপোৱাৰ সত্বা

(৮৬)

তুমি, মই, সপোন, আশা
বিশ্বাস,ভালপোৱা,জীৱন
এই গোটেইখিনিয়েটো আমি

(৮৭)

আজিৰ পৰা কবিতা নিলিখো
কাৰণ কবিতাই মোৰ বাস্তৱক সকলোৰে আগত নাঙঠ কৰে
মোক এতিয়া প্রয়োজন আবোৰৰ
' মই নিজক নিজৰ মাজতে লুকোৱাই ' পাৰিম

(৮৮)

সৰাপাত নিশ্চুপ নিস্তেজ
ৰঙা ৰঙী মোৰ হৃদয়ৰ পলাশ
পছোৱাৰ শুকান ৰিব ৰিব বা
বসন্ত ফুলিবলৈ আৰু অলপ পৰ
অপেক্ষা মাথোঁ হৃদয়ৰ বৰষুণত তিতাৰ।

(৮৯)

প্রথমজাক ফাগুণৰ বৰষুণত
মই তিতি পেলালো
এতিয়া মাঁথো মুগ্ধতাৰ কোলাহল
মোৰ মনৰ ভিতৰে বাহিৰে

(৯০)

ফাগুণৰ সমস্ত ৰঙা তোমাৰ শিৰত ঢালি
পছোৱাৰ উত্তালময়ী আৱেগৰে
লুটিয়াই বগৰাই চাইছো তোমাৰ হৃদয়ৰ পৃষ্ঠা
তোমাৰ মাজত নিজক বিচাৰি পায়
আজি মই পূৰ্ণতাৰে নকৈ ফুলিবলৈ লোৱা বহাগ

(৯১)

শব্দৰ পৰা কোলাহললৈ
স্পন্দনৰ পৰা হুমূনিয়াহলৈ
কিমান যোজন বাট
মাত্র চকুৰ পলকৰ ব্যৱধান
ঠিক এটা কণিকাৰ পৰা তুমি মই হোৱাৰ দৰেই
(৯২)
জীৱনৰ অস্পৃশ্যতা খিনি
' তোমাৰ ছন্দপতন আছে লিখা
বসন্তৰ প্রথমজাক বৰষুণে সকলো নিলে মুচি
এতিয়া তোমাৰ অস্তিত্ব মোৰ হৃদয়ত শূণ্য
মই আৰু মোৰ পৃথিৱী এতিয়া আমি দুয়ো দুয়োতে মগন

(৯৩)

ব্যস্ততা গধুৰ মূহুৰ্তবোৰত
বিচাৰি চালো জীৱনৰ অৰ্থ
বিচাৰি পালো অন্য এখন পৃথিৱীৰ ঠিকনা
' বৰ্তমান পূৰ্ণতাই আৱৰি আছে মোৰ অস্তিত্ব।

(৯৪)

শব্দবোৰ অস্ত যোৱাৰ পাছত
হুমূনিয়াহবোৰ উদয় 'য়।
নিশাৰ নিজমতা বৰ মাতাল হয়
নিসংগতা বৰ কূটিল হয়
শেষত মাথো ওলমি ৰয় শূণ্যতা।

(৯৫)

আজিও বৰষুণত তিতি বিষাদৰ চকুলো উটুৱাও
কাৰণ বৰষুণত তিতি কান্দিলে কোনেও ধৰিবই নোৱাৰে।

(৯৬)

এদিন হয়তু তুমিও অনুভৱ কৰিবা
তোমাৰ জীৱনত মোৰ প্রয়োজন আছিল
কিন্তু তেতিয়া বহুত পলম '
কাৰণ তেতিয়া শূণ্যতাই ' মোৰ শেষ ঠিকনা
পঞ্চ ভুতত বিলিন ' মোৰ বিষাদ জৰ্জৰ বাস্তৱ।

(৯৭)

হৃদয়ৰ গানবোৰত পথাৰৰ বোকা
'দে পুৰি দেই যোৱা সপোনৰ কঠিয়া
তথাপিও আশা কৰো গাখিয়তী ধানৰ ঠোক
কিজানিবা পুৰঠ 'লে তাকে বেচি কিনিব পাৰো 
জীৱনত পাব খোজা অপুৰুগীয়া সুখ।

(৯৮)

ভাৱনাত প্রশ্নবোধকবোৰৰ ইমান কোলাহল
বুজিলো যতি নপৰালৈকে ইহঁত জীৱনৰ সহচৰ।

(৯৯)

সময়বোৰ ' লঠঙা হৈ নিস্তব্ধ হয়
তাতে অস্ত যায় জীয়াই থকাৰ অস্তিত্ব
তেজ-মঙহৰ নিথৰ দেহা
পঞ্চভূতত মিলি মিতিৰালি পাতে শূণ্যতাৰে।

(১০০)

তমসাবৃত নিশা
আলিদোমোজাত হৃদয়ৰ আশা
কবিতাৰো হেৰাই থাকিল ভাষা
সেয়েই চাগে বাস্তৱিকতা খিনি আজিও নহ' লিখা।

(১০১)

নিশব্দৰ নিকুঞ্জ
নিহাৰ্ নিস্তব্ধ
নিস্তেজময় নিবিড়তা
নিঃশেষতাৰ নৈৰাজ্যবাদ

(১০২)

হুমূনিয়াহবোৰৰ পৰিধি বিচাৰি
ডুবি পৰিলো তমসাৰ মাতালতাত
এতিয়া মই উপঙি আছো
শূন্যতাৰ কোলাত
আস অন্তিমতাত কি প্রশান্তি।

(১০৩)

সপোনবোৰৰ ফাঁকে ফাঁকে
থাকি যোৱা ভগা হৃদয়ৰ টুকুৰাবোৰে
বাৰুকৈয়ে থকা সৰকা কৰিছে বৰ্তমান
কনিৰ্মম যন্ত্রনাত চট-ফটাই নিঠৰ হৈছে হেপাহ
উসঃ নোৱাৰি আৰু সহিব ভালপোৱাক।

(১০৪)

শূন্যতা যদি কবিৰ হুমুনিয়াহ
কবিতাৰ ভাষা
শূন্যতাই কিয় হত্যা নকৰে কবিক?

(১০৫)

মৃত্যুৰ হাতবাউলিত
সমাধিৰ অস্তিত্ব
শূন্যতাৰ বিশালতা
একো দিবলে একো পাবলৈ নাই ঘ্রাণ মাথো বিলুপ্তিৰ

( ১০৬)

আজি সুৰাৰ পিয়লাত ডুবি পৰিম
মোক তোৰ মাজত ৰাখি থোৱাৰ বাবে
হেপাহ পলুৱাই চুই চাম তোৰ কলিজা
মই আৰু মোৰ নষ্টালজিয়াৰ হুমূনিয়াহখিনি
ইয়াৰ মাজতে আজিও তই,তইজনী হৈয়ে আছ। 

(১০৭)

বিষাদ স্তৱক
হেৰাই যোৱা অন্তৰঙ্গ সময়
কোলাহলি বৰ্তমান অথচ শূন্যতা
বিষময় কলিজাৰ অভিব্যক্তি
সুৰাৰ সস্তিয়া ৰাগিত কিমান লুকুৱাম নিজক
তমসাত ডুবি ওপঙি ফুৰাৰ হাবিয়াস

(১০৮)

অসহ্যকৰ প্রহৰ
বিষাদৰ লহৰ
চিনাকি চহৰ
কিয়নো ফুলিলি নাহৰ।

(১০৯)

বিষাদৰ ভাষা
মৃতপ্রায় আশা
উজাগৰী নিশা
হৃদয়ত আকৌ শূণ্যতাৰ পোখা।

(১১০)

শূন্যতা
মই
আৰু
অন্ধকাৰ।

১১১)

কুৱলি
ফৰিঙৰ চিঁ চিয়নি
নিসংগতা
আৰু
মই।

(১১২)

নিশব্দ
নিতাল
নিশা
নীলা
নদী।

(১১৩)

নিথৰ
চেচাঁ
সমাধি
শূন্যতা
প্ৰশান্তি।

(১১৪)

নষ্টালজীয়া
সুৰাৰ দুটা ঢোক
তোমাৰ সুবাস
অশ্রুসিক্ত নয়ন
উসঃ বেদনাৰ কোলা।

(১১৫)

পিয়লাত সুৰাৰ জিলমিল
মগজুত চেপা বেদনা
হৃদয়ত হাহাকাৰ
তুমি নিৰ্বাক
মই মইহীন।

(১১৬)

বেদনা
একাত্মতা
নিসংগ
সুৰা
শূন্যতা

(১১৭)

তমসা
কোঠাৰ কোণ
ৰাগিয়াল শৰীৰ
মোৰ
বৰ্তমান অস্তিত্ব।

(১১৮)

নিঃকিন বাস্তৱ
বোবা আপোনত্ব
বৌধিৰ পল
হেপাহ,
চিতাৰ মৃতদেহ।

(১১৯)

অপদাৰ্থ
মই
শূন্য 
মোৰ
দুহাত

(১২০)

সুৰা
সস্তিয়া মাদকতাময়
ডুবি পৰে সময়
স্তব্ধ নষ্টালতা
বহু ভাগৰুৱা কায়।

(১২১)

সুৰাৰ
তিব্ৰতা
জ্বলি
ছায় 
কলিজা।

(১২২)

সুৰাৰ কোলাত
স্তব্ধ অস্তিত্ব
ঢোকৰ পাছত ঢোক
আস জ্বলিছে কলিজা
স্তব্ধ হৈছে দেখুন প্ৰহৰ৷

(১২৩)

বিদায় পৰৰ তমসা
কপি উঠা দুটি ওঠ
স্তব্ধ সময়খিনি
পৰি আছে সেই কেকুঁৰিত
যত এতিয়াও নষ্টাল আমাৰ ভালপোৱা৷

(১২৪)

স্বপ্নময় আলোকতো
ভাহি আহে বিষাদ
শূণ্যতাই শিপাই
গজি উঠে
হাহাকাৰ। 

(১২৫)

পট পৰা নাট
আৱেগহীন জীৱনৰ বাট
পোৱা হেৰুৱাৰ ভৰ
সময়বোৰ বৰ খৰ
শূন্যতে উলমি মিলিছো শূন্যতে৷

(১২৬)

"নিশ্বাসত শৰতৰ ঘ্রাণ
বুকুত খুচে  
বেকাঁ কেকুৰিৰ নিমাত তমসাই
তাৰে তই পাৰহৈ গলে
আকুলতাই সাৱতিব তোক।"

(১২৭)

সন্ধ্যাবোৰ বৰ উদ্মাদ
সুৰাৰ বটলবোৰ বৌধিৰ
উন্মাদনা আৰু স্থবিৰতা
বৌধিৰতা পান কৰি
মই এতিয়া বোবা৷

(১২৮)

সুৰাত উপঙা সময়বোৰত
নষ্টালতাৰে খেলা কৰি
হাহো আৰু কান্দো
তুমি নজনাকৈ তোমাৰ অবৰ্তমানত।

(১২৯)

সুৰাৰ পিয়লা
মৌনতা
ঢোকে ঢোকে পি
মৌনতাৰে বৌধিৰ কৰিছো
সময়ক

(১৩০)

তুমি কৈছিলা নষ্ট মই
এৰা নষ্ট বাবেই নষ্টাল মই
সেয়েহে ডুবিবৰ সাবিয়াহ
ফটিকাৰ ৰঙেৰে অকাঁ
আমাৰ প্ৰেমৰ চিতাত৷

(১৩১)

সুৰাত ডুবি
বৰষুণত তিতিলো 
অলপ কান্দিলো
কোনেও গমকে নেপালে৷

(১৩২)

তোৰ গীতৰ সুৰ
ফটিকাত ডুবাই
পান কৰিলো ঢোকে ঢোকে
প্ৰতিটো শব্দই খুচিছে কলিজাত
আসঃ বৰ বিষময়৷

(১৩৩)

তৰ্জমা কি কৰিম জীৱনক
সুৰাত ডুবা বাস্তৱ
ভটিয়নি ৰাগত ডুবা
মলিন ভাৱৰ জাজল্যমান আকাশ
' বাজে অহৰ্নিশে এজাক ধূমুহাৰ হুহুৱনি৷

(১৩৪)

সুৰাৰ ৰাগত ডুবাইছো 
মোৰ বাহীঁৰ সুৰ
তোৰ গীত আৰু মোৰ
মৃত আত্মাৰ বাহীঁৰ সুৰ
বৰ জয়াল এই জীৱন৷

(১৩৫)

মৰমবোৰ বুলে বতাহ
আহে খেলে গুচি যায়
হুমূনিয়াহৰ জোলোঙা পূৰ হয় 
বিষাদে এঙামুৰি দিয়ে 
নিসংগতাই সংগ দিয়ে বাস্তৱত৷

(১৩৬)

মই সুৰা পিয়াসি
নষ্ট মই
কাৰণ মই নষ্টাল
সুৰাৰ ৰাগত জী উঠে
মামৰে ধৰা শূন্যতাৰ পৃথিৱী৷

(১৩৬)

বন্ধ কোঠাৰ তমসাই
গিলিছে মোৰ ভাৱনা
মুকবধিৰ সময়৷
শূন্যতাই কিলবিলাইছে 
উদং সুৰাৰ পিয়লাত৷

(১৩৭)

নিয়ৰ সৰা সময়
সুৰাৰ ৰঙীনতাৰে
পালন কৰিছো 
নষ্টালতা
মই মোৰে সতে৷

(১৩৮)

মই ' ডুবো
সেয়া মোৰ অহংকাৰ
সুৰাৰ ৰঙীনতাৰে
ধূলিস্যাৎ কৰো সম্ভাৱনা
ক্লান্ত মন ক্লান্ত শৰীৰ

(১৩৯)

মোৰ মৌলিকতা
ৰঙীনতাত আৱদ্ধ
কথা নাছিল উন্মাদনাৰ
সুৰাৰ প্ৰতি ঢোকত
সৰি পৰে হুমুনিয়াহ৷

(১৪০)

সপোন 
গিলিব পাৰি
ঢোকে ঢোকে
ফটিকাত ডুবায়
সোৱাদ বৰ বিষময়৷

(১৪১)

নিস্তব্ধ সময়
বহি আছো একাত্মতাৰে
কোলাহলি মন
পি গৈছো ঘোটে ঘোটে বাস্তৱতা
ক্ৰমশঃ মাতাল হৈ উঠিছে সময়৷

(১৪২)

ম্লান হোৱাৰ উন্মাদনা উকা
শেতেলিত ক্লান্ত দেহ
তমসাৰে কিলবিল মগজু
শূন্যতা
মাথো শূন্যতা৷

(১৪৩)

প্ৰহেলিকা
সুৰাত ডুবা ভাৱনা
নে
বাস্তৱৰ দিঠক
নিৰ্বাসন, প্ৰাপ্তি-অপাপ্তি৷

(১৪৫)

বৰষুণবোৰ কোলাহলি
সুৰাৰ বটলত মাদকতা
সেয়া, পিব পাৰি
পৰিপূৰ্ণ আৱেগ, হেপাঁহক
কবৰ দি৷

(১৪৬)

ভয় কিম্বা আক্ৰোশ
গ্লানি বাস্তৱ
চাল্লা
সুৰাৰ ৰঙত ডুবালো
এতিয়া প্ৰশান্তি৷



(ক্রমশ:)

5 comments: